মানুহৰ অন্তৰে চিৰকালেই বিচাৰে এধানি মৰম, অকণমান সহৃদয়তা আৰু শান্তি ৷ যুদ্ধই প্ৰতিফলিত কৰে মানুহৰ চৰিত্ৰৰ নিষ্ঠুৰ পাশৱিক দিশটো ; চৰিত্ৰৰ সেই পাষাণ দিশটোৰ বাবেই মানুহে আনক আঘাত কৰে, যুদ্ধ কৰে আৰু যুদ্ধৰ হত্যালীলাৰ মাজত বীৰগাথা বিচাৰি পায় ৷ যুদ্ধত হিংসাৰ লেলিহান শিখাৰ মাজতো হৃদয়ৰ মানৱীয় দিশটোৱে সন্ধান কৰে কোমলতাৰ , সন্ধান কৰে আবেগৰ, সন্ধান কৰে আকুলতাৰে এধানমান প্ৰেমৰ ৷ ৰাচিয়াই চুবুৰীয়া দেশ ইউক্ৰেইনক আক্ৰমণ কৰাত দেশখনৰ অনেক অসামৰিক লোকে স্বদেশ ৰক্ষাৰ স্বাৰ্থত বিভিন্ন সামৰিক দায়িত্বত যোগ দি সামৰিক বাহিনীক সহায় কৰিবলৈ আগবাঢ়ি আহে ৷ যুদ্ধৰ বাবে ইউক্ৰেইনৰ অসামৰিক Territorial Defence Force-ত যোগ দিয়া Zhenya Perepelitsa যুদ্ধৰ আগতে প্ৰা্য় এবছৰ ধৰি ব্যৱসায় সংক্ৰান্তীয় কামত ইৰাণত আছিল আৰু সেই সময়তেই তেওঁ পাৰ্চী ভাষা মোটামুটিকৈ শিকি কিছু পাৰ্চী কবিতা অধ্যয়ন কৰিছিল ৷ যুদ্ধলৈ ওলাই আহোঁতে Zhenya Perepelitsa-ই Kyiv নগৰত এৰি থৈ আহিছিল পত্নী আৰু এটি কণমানি পুত্ৰসন্তান ৷ আমেৰিকান ফটো সাংবাদিক Alex Lourie-এ থলীৰ পৰাই সেই যুদ্ধৰ বিৱৰণী পঠিয়াই থাকোতে সামৰিক পোচাকত এখন বৰফাবৃত পথাৰত এদল সৈনিকৰ সৈতে লগ পাইছিল Zhenya Perepelitsaক ৷ ইউক্ৰেইনৰ ভাষা নজনা Alex Lourie আৰু ইংৰাজী নজনা Zhenya Perepelitsa-ৰ মাজত ভাৱৰ আদান-প্ৰদান হৈছিল ভঙা ভঙা পাৰ্চীত , কাৰণ সাংবাদিকতাৰ পেছাত কিছুবছৰ ইৰাণত থাকোতে Alex Lourie-ও পাৰ্চী ভাষাৰ সৈতে কিছু পৰিচিত হৈছিল ৷ সামৰিক পোচাক আৰু হাতত অস্ত্ৰৰে Zhenya Perepelitsa-ই Alex Lourie-ৰ কেমেৰাৰ সন্মুখত থিয় হৈ যুদ্ধৰ বিভীষিকাৰ মাজত দুৰু দুৰু বুকুৰে গাইছিল হামিদ মোচাদেগৰ এটি পাৰ্চী প্ৰেমৰ কবিতা ৷ কবিতাটিৰ ইংৰাজী ৰূপান্তৰৰ পৰা অসমীয়ালৈ ভাবান্তৰৰ চেষ্টা কৰিছোঁ –

তোমাৰ প্ৰেমতেই

(পুলক জ্যোতি শৰ্মা)

মাজে মাজে ভাবোঁ

মই যেতিয়া এই ধৰা এৰি গুচি যাম

সেই বতৰাটি বাৰু কোনে তোমাক দিবগৈ

কোনোবাজনৰ পৰা

মোৰ মৃত্যুৰ বতৰাটি পাবা যেতিয়া

মন যায় চাবলৈ

তোমাৰ ধুনীয়া মুখখনি কেনে হ’ব বাৰু তেতিয়া

একো যেন হোৱাই নাই

তেনেকৈ চাগে তুমি দুবাহু কোঁচাই দিবা

সেয়া যেন কোনো বাতৰিয়েই নহয়

তেনেকৈয়ে চাগে হাতেৰে ভঙ্গী এটি কৰিবা

আৰু মূৰটো সামান্য দুপিয়াই নিৰুদ্বেগচিত্তে কবা-

“অহ! তেওঁ ঢুকাল ! বৰ দুখ পালোঁ শুনি !”

কেতিয়াবা সোধো নিজকে

কোননো বাৰু পতিয়ন যাব যে

তোমাৰ প্ৰেমতেই

জ্বলি জ্বলি ছাই হৈ গ’ল

মোৰ বুকুৰ হাবিডৰা


--------------------------------------------

A Poem by Hamid Mossadegh

At times I wonder

Who’ll tell you the news of my death ?

The moment when you hear of my death, from someone

I wish I could see your beautiful face

Shrugging your shoulders, carefree

Waving your hands—it’s no matter

Nodding your head,-“Wow! He died! How sad!”

I wish I could see it

I ask myself

Who would believe

Your love burned to ashes

The jungle of my soul



********